নিউজ ডেস্কঃ ৰাজ্যবাসীলৈ সুখবৰ। দিল্লীৰ ৰাজপথত জিলিকিব চাহ উদ্যোগ। এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হ’ব অসমৰ গৌৰৱ চাহ উদ্যোগ। ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ কাম আৰম্ভ কৰিছে। অনাগত দুই এদিনৰ ভিতৰতে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব চৰকাৰে।
উল্লেখ্য, এইবাৰ গণৰাজ্য দিৱসত উপস্থিত থাকিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন।