ৰাজ্যত হ্ৰাস পাব পেট্ৰল-ডিজেলৰ দাম ।
পেট্ৰল-ডিজেলৰ ওপৰত আৰোপিত ৫ টকাকৈ উপ কৰ বাতিল কৰিব ৰাজ্য চৰকাৰে ।
বিধানসভাত ঘোষণা কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আজি মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত হ্ৰাস পাব পেট্ৰল-ডিজেলৰ দাম ।
ইয়াৰ উপৰি সুৰাৰ দামো হ্ৰাস পাব আজিৰে পৰা ।
সুৰাৰ ওপৰত আৰোপিত ২৫ শতাংশ উপ কৰ বাতিল কৰিছে ৰাজ্য চৰকাৰে ।
ভাৰতৰ ভিতৰতেই অসমত পেট্ৰলৰ মূল্য কম হ’ব বুলিও জানিবলৈ দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য, ক’ভিড মহামাৰীৰ সময়ত পেট্ৰল-ডিজেল আৰু সুৰাৰ ওপৰত উপ কৰ আৰোপ কৰিছিল ৰাজ্য চৰকাৰে ।