গুৱাহাটীঃ আগন্তুক ১ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে অনিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ অংশসমূহৰ বাবে কিছু শিথিলতাৰ সৈতে আনলক ৩ আৰম্ভ কৰাৰ যোঁজা কৰিলেও অসমত ১৫ আগষ্ট পৰ্যন্ত আনলক-৩ৰ ক্ষেত্ৰত কিছু সীমাৱদ্ধতা থাকিব বুলি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে৷
মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক ১৫ আগষ্টলৈ অসমত আনলকত কিছু বাধ্য-বাধকতা থাকিব৷ পোনচাটেই অসমত শিথিলতা প্ৰদান কৰিলে পৰিস্থিতি পুনৰ বেয়ালৈ ঢাল খোৱাৰ আশংকা প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট