নিউজ ডেস্কঃ লখিমপুৰ নগৰৰ নকাৰীৰ দুই নং ৱার্ড নিৱাসী প্রয়াত প্রেমধৰ গগৈ আৰু অঞ্জলি (ইলা) গগৈৰ সাতটি সন্তানৰ দ্বিতীয় বর্ণালী গগৈক লৈ এতিয়া কেৱল লখিমপুৰ জিলাই নহয়, সমগ্র ৰাজ্যই গৌৰৱবোধ কৰিছে৷ ভাৰতীয় বায়ুসেনাত তেওঁ অসমৰ পৰা প্রথম মহিলা উইং কমাণ্ডাৰ ৰূপে সাহসেৰে সেৱা আগবঢ়াইছে৷
সৰুৰে পৰা অতি মেধাৱী তথা ক্রীড়া, সাংস্কৃতিক আদি সকলো দিশতে পটু বর্ণালীয়ে ১৯৯৬ চনৰ ২৭ মে’ত বায়ুসেনাত পাইলট অফিচাৰ ৰূপে যোগদান কৰিছিল৷ যোগদানৰ পিছৰ পৰাই তেওঁ মেধা আৰু একাগ্রতা তথা কর্মনিষ্ঠাৰ বাবে দোপতদোপে আগুৱাই যাবলৈ ধৰিলে৷ পাইলট অফিচাৰৰ পিছত ফ্লায়িং অফিচাৰ, ফ্লাইট লেফটেনেণ্ট আদি পদলৈ পদোন্নতি হোৱাৰ পিছত কিছুদিনৰ পূর্বে অসমৰ পৰা প্রথম মহিলা হিচাপে উইং কমাণ্ডাৰ পদত যোগদান কৰে৷