ৰাজহুৱা মঞ্চত অভিনেত্ৰী নিশিতা গোস্বামীক অশালীন মন্তব্য কৰি পুনৰ চৰ্চাত জুবিন গাৰ্গ।
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিৰুদ্ধে তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ ।
এটা ব্যক্তিগত টিভি চেনেলৰ এক এৱাৰ্ড শ্ব’ত অভিনেত্ৰীগৰাকীক শ্ৰুতিকটু মন্তব্য কৰে জুবিনে ।
মন্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে ।
বিভিন্ন জনৰ সমালোচনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ ।
আছাম ট্ৰিবিউনত প্ৰকাশিত বাতৰি অনুসৰি,ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰযোগে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।
বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য তথা কৰ্মৰে চৰ্চিত হোৱা জুবিন গাৰ্গে এখন অসমীয়া চিনেমাৰ উদ্ধৃতি দি নিশিতা গোস্বামীক শ্ৰুতিকটু মন্তব্য কৰা দেখা গৈছিল।
উক্ত অনুষ্ঠানত বলীউদৰ অভিনেত্ৰী মালাইকা আৰোৰা উপস্থিত আছিল ।
অসমীয়া ছবি জগতৰো প্ৰায় সকলো শিল্পী উপস্থিত আছিল অনুষ্ঠানটিত ।
এগৰাকী নাৰীক ৰাজহুৱা মঞ্চত চূড়ান্ত অপমান কৰা কাৰ্যৰ বাবে জুবিনক গৰিহণাৰ যোগ্য বুলিও মন্তব্য কৰিছে একাংশই ।
অৱশ্যে জুবিনৰ এই মন্তব্যক মঞ্চত অভিনেত্ৰীগৰাকীয়ে ধেমালী বুলি গ্ৰহণ কৰা দেখা গৈছিল যদিও মহিলাৰ প্ৰতি সন্মানৰ আহ্বান জনাই পিছত এক ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে নিশিতা গোস্বামীয়ে ।