নিউজ ডেস্কঃ কলকাতাৰ নিকটৱর্তী কবি ৰবীন্দ্রনাথ ঠাকুৰৰ স্মৃতি বিজড়িত সাংস্কৃতিক স্থান শান্তি নিকেতনত চলি থকা ১৭ সংখ্যক ঠাকুৰ আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত ৰাজেন দাস পৰিচালিত অসমীয়া চলচিচত্র ‘লাইফ ইন এ পাপেট’লৈ আহিছে আন্তঃৰাষ্ট্রীয় সন্মান৷ অসমৰ আপুৰুগীয়া বিলুপ্তপ্রায় লোকশিল্প পুতলা নাচ সন্দর্ভত নির্মাণ কৰা অসমীয়া চলচিচত্র ‘লাইফ ইন এ পাপেট’লৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ কাহিনী চলচিচত্র শিতানত ‘Outstanding Achievement Award’৷
ৰাজেন দাসৰ কাহিনী, চিত্রনাট্য আৰু পৰিচালিত ছবি ‘লাইফ ইন এ পাপেট’ৰ লগতে আন্তঃৰাষ্ট্রীয় চলচিচত্র সমাৰোহখনত একেই শাখাত কানাডা, আমেৰিকা, ন’ৰৱে, চীন, চুইডেন, ম্যানমাৰ আৰু ভাৰতৰ ছবিয়ে এই শিতানত স্থান লাভ কৰিছে৷ আজি মহোৎসৱৰ ৱেবছাইটত পুৰস্কাৰ বিজয়ীসকলৰ তালিকা ঘোষণা কৰে৷ দেশ-বিদেশৰ বহু সংখ্যক ছবিৰ মাজত অসমীয়া চলচিচত্র ‘লাইফ ইন এ পাপেট’লৈ আগবঢ়োৱা এই সন্মান অসমৰ আপুৰুগীয়া পুতলা নাচলৈ আগবঢ়োৱা স্বীকৃতি হিচাপে বিবেচিত হৈছে৷