গুৱাহাটীঃ আগন্তুক বৰ্ষৰ ১ জানুৱাৰী তাৰিখৰ পৰা অসমীয়া ভাষা শিক্ষণ আইন ২০২০ লাগু হ’ব৷ এই আইন অনুসৰি যিসমূহ বিদ্যালয়ে অসমীয়া ভাষাক প্ৰথম ভাষা অথবা দ্বিতীয় ভাষা অথবা ঐচ্ছিক বিষয় হিচাপে শিকাই থকা নাই তেওঁলোকে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া ভাষাটো ২০২১ৰ শৈক্ষিক বৰ্ষত অন্তৰ্ভুক্ত কৰিব লাগিব৷
এই বিদ্যালয়সমূহে শৈক্ষিক প্ৰাধিকৰণে নিৰ্ধাৰিত কৰি দিয়া পাঠ্যপুথি ব্যৱহাৰ কৰিব লাগিব৷
উল্লেখ্য, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকাসমূহৰ বিদ্যালয় আৰু বৰাক উপত্যকাক এই আইনৰ পৰা ৰেহাই দিয়া হৈছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট