এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনাস্থলীত চি বি আইৰ এটা দলে বুধবাৰে উপস্থিত হৈ পুনৰ তদন্ত আৰম্ভ কৰে। কলিয়াবৰৰ সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জোনমনি ৰাভাৰ দুৰ্ঘটনাস্থলীত এখন কন্টেইনাৰ আৰু আন এখন সৰু বাহন লৈ উপস্থিত হয় চি বি আই দলটো । চিবিআইৰ তদন্তকাৰী এটা ১২জনীয়া দলে বুধবাৰে পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দীঘলীয়া সময়ৰ বাবে পৰীক্ষা নিৰীক্ষা কৰে।
উল্লেখ্য যে, বিগত ১৫ মে’ ৰ পুৱতি নিশা জোনমনি ৰাভাৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ বাবেই এই মৃত্যু হৈছিল নে পৰিকল্পিতভাৱে জোনমনিক হত্যা কৰা হৈছিল তাকলৈ চি বি আইৰ তদন্ত অব্যাহত আছে। যোৱা ১৫ মে’ৰ পুৱতি নিশা যি খন কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ এছপ্ৰেছ’ বাহন। পুনৰ তেনে এখন কন্টেইনাৰ আৰু এছপ্ৰেছ’ বাহন আনি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বুধবাৰে পুনৰ দুৰ্ঘটনাটো কেনেধৰণেৰে সংঘটিত হৈছিল তাকলৈ চি বি আই দলে দুৰ্ঘটনা পুনৰ নিৰ্মাণৰ ৰূপ দি পৰীক্ষা নিৰীক্ষা চলোৱা দেখা গৈছিল।
স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত চি বি আই দলে তদন্ত চলোৱাৰ পাছতে জখলাবন্ধা আৰক্ষী থানাত তদন্তকাৰী দলটো উপস্থিত হৈ জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন খনো তন্নতন্নকৈ পৰীক্ষা কৰে। জোনমনি ৰাভাৰ বাহনখনৰ পৰা পুণৰ নমুনা সংগ্ৰহ কৰে দলটোৱে। ইতিমধ্যে জোনমণি ৰাভাৰ বাহনৰ পৰা ২টাকৈ মোবাইল উদ্ধাৰ হোৱা ঘটনাই বৰ্তমান সময়ত অধিক ৰহস্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰু তাৰ পাছত আৰক্ষী আৰু চি আই ডিৰ তদন্তকাৰী দলে বাৰম্বাৰ তদন্ত চলোৱাৰ সময়ত জোনমনি ৰাভাৰ হেৰুৱা মোবাইল ফোন ২টা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ইতিমধ্যে চি বি আই দলে ৫বাৰকৈ দুৰ্ঘটনা থলীত আৰু জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন খন তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা চলোৱা সময়তো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল হেৰোৱা মোবাইল ফোন ২টা।
ইফালে বুধবাৰে দুৰ্ঘটনা থলীত চিবিআই দলটোৰ লগত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হৈ জোনমণি ৰাভাক উদ্ধাৰ কৰা সহকাৰী আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী উপস্থিত থাকে। লগতে এছপ্ৰেছ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোৰ এনে পৰীক্ষণে অসমবাসীয়ে হত্যাকাণ্ড বুলি সন্দেহ কৰা ঘটনাটোৰ তদন্তত কিদৰে প্ৰভাৱ পেলাই সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।