নিউজ ডেস্কঃ বিটিচিত ১৭খন আসনেৰে একক বৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হ’ল বিপিএফ ৷ তথাপিও ১২খন আসনতে সীমাবদ্ধ প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলে ঘাটে ঘাটে পানী খুৱাবলৈ গৈ আছে হাগ্ৰামাক ৷
ৰাইজে প্ৰতাৰণা নকৰিলেও ৰাজনৈতিক দলসমূহে যে লগ এৰিলে হাগ্ৰামাক সেয়া নিশ্চিত হ’ল ৷ ১৭ বছৰে বিজেপিৰে সৈতে উঠা-বহা কৰা হাগ্ৰামাক এৰি এতিয়া প্ৰমোদ বড়োক বিটিচিৰ গাদীত বহালে বিজেপিয়ে ৷
উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে শনিবাৰে নিশাই হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত উপস্থিত থাকে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস, প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক দিলীপ শইকীয়া,মন্ত্ৰী পীযুষ হাজৰিকা, গুৰুজ্যোতি দাস, নাৰায়ণ ডেকা ৷
কোনো এটা দলেও একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত বিটিচিত ইউপিপিএল, জিপিএছ আৰু বিজেপিৰে মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল যোগে ঘোষণা কৰে যে বিটিচিৰ নতুন কাৰ্যবাহী প্ৰমোদ বড়ো হ’ব ৷