নিউজ ডেস্কঃ ২০২১ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিক উৎখাত কৰাৰ বাবে মিত্ৰজোঁটত আৱদ্ধ হোৱা কংগ্ৰেছ আৰু এআইইউডিএফৰ সমাৰোহত নিতৌ দেখা গৈছে ন ন কাণ্ড৷
শেহতীয়াকৈ ৬ নৱেম্বৰ ২০২০ তাৰিখে শিলচৰ বিমানবন্দৰত এইআইডিইউএফৰ সভাপতি বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়৷
ইয়াকে লৈ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত তেওঁ টুইটাৰতো নিজৰ মন্তব্য প্ৰকাশ কৰিছে৷
Look at the brazenness of these fundamentalists anti-national people who are shouting PAKISTAN ZINDABAD while they welcome MP @BadruddinAjmal.
This thoroughly exposes @INCIndia which is encouraging such forces by forging an alliance. We shall fight them tooth & nail. Jai Hind🇮🇳 pic.twitter.com/CiHZjDweFF
— Himanta Biswa Sarma (@himantabiswa) November 6, 2020