এছ.আই কেলেংকাৰী মূল মাষ্টাৰ মাইণ্ড আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণসহ ১২ জন অভিযুক্তৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ইয়াৰ লগে লগে এছ. আই পৰীক্ষাক কলংকিত কৰা কুমাৰ সঞ্জিত কৃষ্ণৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তলত অহাৰ পথ ৰুদ্ধ হৈ পৰে ৷ আৰক্ষীয়ে দাখিল কৰা কেছ ডায়েৰী অধ্যয়ন কৰাৰ পাছতে গোচৰটোৰ অধিক তদন্তৰ খাতিৰত অভিযুক্তসকলক জামিন দিবলৈ অমান্তি প্রকাশ কৰে ন্যায়ালয়ে৷ ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে অভিযুক্তসকলৰ জামিন নাকচ কৰিছে৷
প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই দাখিল কৰা ২৩৬৫/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই সদৰী কৰা অনুসৰি সম্প্রতি স্নায়ু ৰোগত আক্রান্ত হৈ আছে লগতে কৃষ্ণই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে৷ সেয়েহে তেওঁৰ জামিন মঞ্জুৰ কৰিব লাগে৷ কুমাৰ সঞ্জীত কৃষ্ণৰ অধিবক্তাৰ যুক্তিৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তা পি পি বৰুৱাই আদালতক অৱগত কৰে যে এই সমগ্র কেলেংকাৰিৰ মূল অভিযুক্ত হৈছে আৰক্ষী বিষয়াজন৷ ৪০ লাখ টকাৰ বিনিময়ত কুমাৰ সঞ্জীত কৃষ্ণই ফাদিল কৰিছিল এছ. আইৰ প্রশ্নকাকত৷ অধিবক্তা বৰুৱাই এইবুলিও আদালতত উল্লেখ কৰে যে আন আন ধৃত অভিযুক্তৰ সৈতে মিলি পূর্বপৰিকল্পিতভাৱে প্রশ্নকাকত ফাদিল কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল কুমাৰ সঞ্জিত কৃষ্ণই৷ আৰক্ষীয়ে এই সমগ্র তথ্য বিচাৰ কৰাৰ পাছত আদালতে এই সমগ্র কেলেংকাৰিৰ মূল অভিযুক্ত বুলি অভিহিত কৰি সঞ্জিত কৃষ্ণৰ জামিন নাকচ কৰে৷