নিউজ ডেস্কঃ ভাৰত বাংলাদেশ সীমান্তৰ মানকাচাৰৰ কুকুৰমাৰাত গো মাফিয়াৰ ৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লোৱা অসম আৰক্ষীৰ বীৰ জোৱান ৰবেন দাসৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল লগতে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । মুখ্যমন্ত্ৰীয়ে শ্বহীদৰ পৰিয়ালৰ লোকৰ লগত মত বিনিময় কৰাৰ লগতে ১০ লাখ টকাৰ এককালীন সাহায্য শ্বহীদ গৰাকীৰ মাতৃৰ হাতত অৰ্পণ কৰাৰ উপৰিও পৰিয়ালৰ এগৰাকী যোগ্য ব্যক্তিক চৰকাৰৰ তৰফৰ পৰা এটা চৰকাৰী চাকৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ।