নিউজ ডেস্কঃ তিনিচুকীয়া নগৰত সকলো নীতি-নিয়মৰ ঊধর্বত গৈ আজি যুৱকৰ দল এটাই হাতে হাতে তৰোৱাল, চোকা অস্ত্র লৈ তাণ্ডৱ চলোৱাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষী, চি আৰ পিয়ে গিজগিজাই থকা তিনিচুকীয়া নগৰত বিজয়া দশমীত হাতে হাতে দা-তৰোৱাল আদি চোকা অস্ত্র লৈ প্রায় ৭০ জনীয়া যুৱকৰ এটা দলে পথত মুক্ত বিচৰণ কৰা বিষয়টোৱে ৰাইজৰ চকু কপালত তুলিছে৷
একোখন বাইকত তিনিজনকৈ উঠি হাতত তৰোৱাল লৈ আজি পুৱাৰ ভাগৰ পৰাই তিনিচুকীয়া নগৰৰ বিভিন্ন ঠাইত দলটোৱে তাণ্ডৱ চলাই আছিল৷ আনকি কভিড প্রট’কল, দুর্গা পূজাত চৰকাৰ আৰু জিলা প্রশাসনে জাৰি কৰা নীতি-নির্দেশনা অমান্য কৰি বিজয়া দশমীৰ দিনা প্রায় ৭০ জনীয়া যুৱকৰ দৰে হাতে হাতে দা-তৰোৱাল লৈ মটৰচাইকেলত তিনিচুকীয়াৰ পথত মুক্ত বিচৰণ কৰি জনতাক ভীতিগ্রস্ত কৰি তোলে৷
বহু ঠাইত নিজকে বজৰং দলৰ সদস্য বুলি চিনাকি দি এইসকল যুৱকে চোকা অস্ত্র লৈ নগৰখনত তাণ্ডৱ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে৷