নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি ক’ৰোনা ভাইৰাছৰ বাবে বলৱৎ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আদালতৰ কামসমূহত অচলা অৱস্থাই দেখা দিছে৷ শেহতীয়াকৈ ঘোষণা কৰা আনলক প্ৰক্ৰিয়াৰ অধীনত অন্য কাৰ্যালয়সমূহ মুকলি কৰি দিয়া হৈছে যদিও ৰাজ্যিক আদালতৰ কামসমূহ সম্পূৰ্ণকৈ মুকলি হোৱা নাই৷
ভিডিঅ’ কনফাৰেন্সযোগে গুৰুত্বপূৰ্ণ কেছসমূহৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে যদিও আদালতত দীৰ্ঘদিন ধৰি জমা হৈ থকা সৰ্বসাধাৰণ ৰাইজৰ বিচাৰসমূহৰ কাম আগবঢ়া নাই৷
তাৰোপৰি আদালতৰ টাইপিষ্ট, উকীল সন্থাও দীৰ্ঘদিন ধৰি কোনো কাম-কাজ নোহোৱাকৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজ্যতে আদালতৰ কাম-কাম নিয়মীয়া কৰাৰ দাবীত অধিবক্তা সন্থাই ধৰ্মঘটত বহিছে৷
আদালতৰ কামসমূহ নিয়মীয়াকৈ আৰম্ভ কৰাৰ দাবীৰে বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ এই ধৰ্মঘট পালন কৰা হৈছে৷