নিউজ ডেস্কঃ শনিবাৰে বৰপেটা আৰক্ষীয়ে চলোৱা এক অভিযানৰ অন্তত এজন ৰে’লৱে কৰ্মচাৰীৰ পৰা বুজন পৰিমাণৰ ক’লা ধন উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়৷
বঙাইগাঁও জিলাত নিযুক্ত দেৱৰাজ দাস বোলা কৰ্মচাৰীজন বৰপেটাৰ গান্ধীনগৰত বাস কৰে৷
আৰক্ষীয়ে দাসক এই বৃহৎ পৰিমাণৰ ধনৰ সৈতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷
কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে ধৃত কৰ্মচাৰীজনৰ পৰা কোনো সবিশেষ উলিয়াবলৈ সক্ষম হোৱা নাই৷