নিউজ ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক এক আকৰ্ষণীয় ধাৰ্মিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ আগবাঢ়িছে অসম চৰকাৰ।
এই কথা জানিবলৈ দিছে বটদ্ৰৱাৰ বিধায়িকা তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ আঙুৰলতা ডেকাই।
বিধায়িকাগৰাকীয়ে জানিবলৈ দিয়া মতে, বটদ্ৰৱাক আটক ধুনীয়া আৰু আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে ১৮৮ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে।
তেওঁ লগতে জানিবলৈ দিয়া মতে, বটদ্ৰৱাৰ ধাৰ্মিক পৰ্যটন ক্ষেত্ৰত দক্ষতা বিকাশ কেন্দ্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন গাঁথা, মহাপুৰুষজনাৰ নামত কলাকেন্দ্ৰ, পাৰ্ক আৰু যাত্ৰী নিবাসৰ লগতে আন বহু সুবিধা নিৰ্মাণ কৰা হ’ব।
বটদ্ৰৱাৰ ধাৰ্মিক পৰ্যটন ক্ষেত্ৰৰ জৰিয়তে দেশ-বিদেশৰ পৰ্যটকসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে সবিশেষ জানিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে আঙুৰলতা ডেকাই।