তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উৎসৱ ৰবিবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুস্থিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে পদ্মশ্ৰী বায়নাচাৰ্য্য ঘনকান্ত বৰা, পদ্মশ্ৰী নৃত্যচাৰ্য্য যতীন গোস্বামী , বিপুল চন্দ্ৰ দাস দেৱ, ডাঃ হিতেশ বৰুৱা, মঞ্জুলা হাজৰিকা, মনিষা হাজৰিকা, শান্তা উজীৰে। অনুষ্ঠানত কথক নৃত্য শিল্পী বিপুল চন্দ্ৰ দাস, অসম গৌৰৱ বিহুৱা ৰঞ্জিত গগৈ, আৰু বিছমিল্লাহ বঁটা প্ৰাপক আৰু কথক নৃত্য শিল্পী মেঘৰঞ্জনী মেধিৰ লগতে বিশিষ্ট অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা হয়।
অনুষ্ঠানত জে পি দাস, নমিতা ভ্টাচাৰ্য্য ,মালৱিকা বড়া, মলয়া গোস্বামী, মঞ্জুলা হাজৰিকা,মনিষা হাজৰিকা, মাইনী মহন্ত, ডঃ গায়ত্রী গোস্বামী, জিমনি চৌধুৰী, প্ৰীতি শইকীয়া, পাহাৰী শইকীয়া, অনিৰ্বাণ দাস, সীতাৰাণী হাজৰিকা, গায়ত্ৰী হাজৰিকা, অন্নেসা মহন্ত, চন্দ্ৰ শেখৰ শৰ্মা, সংগীত প্ৰযোজক আৰু সুৰকাৰ সৌৰভ জ্যোতি মহন্ত, ঝুলন কৃষ্ণ মহন্ত আদিকে কৰি সাংস্কৃতিক জগতৰ লগত জড়িত কেইবাগৰাকীও গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত তুলিকা নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ শীৰ্ষক গীতটো মুকলি কৰাৰ লগতে সংগীত নাটক অকাডেমি বঁটা প্ৰাপক পদ্মশ্ৰী নৃত্যচাৰ্য্য যতীন গোস্বামীক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হয়।
আনহাতে মনমৰমী মহন্তই আঁত ধৰা সাংস্কৃতিক কাৰ্যসূচীত শীৰ্ষ গীতটো এটি বৰগীতেৰে শিল্পী অমৃত প্ৰভাৰ দ্বাৰা আৰম্ভ কৰা হয়। সাংস্কৃতিক কাৰ্যসূচীত সত্ৰীয়া নৃত্য শিল্পী কস্তুৰী কাশ্যপৰ দ্বাৰা পৰিবেশিত এটি চালি নৃত্যৰ লগতে টোতৈ বন্দনাৰে আৰম্ভ হৈ, তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা সত্ৰীয়া বিভাগৰ পৰা ঝুমুৰা, কৃষ্ণ নৃত্য পৰিৱেশন কৰা হয়। ঝুমুৰা নৃত্যটিত বাদ্যত সংগতকাৰী হিচাপে থাকে দেৱজিৎ শইকীয়া, সংঘামিত্ৰা বৰা আৰু নৱজিৎ শইকীয়া। লগতে আধুনিক আৰু পাশ্চাত্য বিভাগৰ ফালৰপৰা হিপ্ হপ্ বলিউড,টলিউডকে ধৰি বিভিন্ন শৈলীৰ নৃত্য প্ৰদৰ্শন কৰোৱা হয়। ইয়াৰ লগতে নতুনকৈ আৰম্ভ কৰা ভাৰত নাট্যমৰ বিভাগৰ পৰা ভাৰত নাট্যমৰ প্ৰশিক্ষক ৰশ্মি ৰেখা দাসে গনেশ স্তুতি পৰিবেশন কৰে আৰু লগতে ভাৰত নাট্যমৰ শিষ্য সকলৰ দ্বাৰাও নৃত্য পৰিৱেশন কৰোৱা হয়। এই সকলোবোৰ নৃত্য কলাৰ মাজেৰে শিশু আৰু চেমনীয়া সকলে প্ৰেক্ষাগৃহটোত উপস্থিত থকা সকলো দৰ্শককে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়।