হেডলাইন৮ বিশেষঃ প্ৰচণ্ড প্ৰতিষ্ঠান বিৰোধী ঢৌ থকা সত্ত্বেও কিদৰে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএই দখললৈ আনিলে বিহাৰ? নীতিশ কুমাৰক ৰাজনৈতিক বলিশাললৈ আগবঢ়াই দি কিদৰে বিহাৰত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহুওৱাৰ পাশা খেলিছিল বিজেপিয়ে। অনবদ্য গেমপ্লেনেৰে কেনেদৰে বিহাৰত চমক দিছিল বিজেপিয়ে।
বিজেপি নেতৃত্বাধীন NDA ৰ বাবে এইবাৰৰ বিহাৰ নিৰ্বাচন মুঠেই সহজ নাছিল। বিশেষকৈ বিমূদ্ৰাকৰণ, লকডাউন আদি বিভিন্ন প্ৰতিষ্ঠান বিৰোধী সৃষ্টি হৈছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে। লকডাউনৰ মাজত যথেষ্ট কষ্টৰ মাজেৰে হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি পৰিশ্ৰান্ত হৈ অহা বিহাৰী শ্ৰমিকসকল অত্যন্ত ক্ষোভিত হৈ আছিল চৰকাৰৰ বিৰুদ্ধে। কিন্তু এই ক্ষোভ আছিল কেৱল নীতিশ কুমাৰৰ বিৰুদ্ধেহে। কোনো কংগ্ৰেছ, বিজেপি, মোদী তেজস আদি বিষয় তেওঁলোকৰ মাজত নাছিল। আৰু এই ক্ষোভকেই মূলধন হিচাপে অতি কৌশলেৰে ব্যৱহাৰ কৰি সফলতা লাভ কৰিলে বিজেপিয়ে।
বিজেপিয়ে বিহাৰৰ জনসাধাৰণৰ ক্ষোভখিনি কৌশলেৰে কেৱল নীতিশ কুমাৰৰ বিৰুদ্ধেই সীমাবদ্ধ কৰি ৰখাত সফল হ’ল। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গৈছিল বিহাৰী জনতাই কেমেৰাৰ সমুখতে নীতিশ কুমাৰৰ বিৰুদ্ধে কিদৰে ক্ষোভ উজাৰিছিল। এই ক্ষোভত হাত উজান দিছিল স্বয়ং বিজেপি কৰ্মীসকলেও। উদ্দেশ্য আছিল নীতিশ কুমাৰৰ পৰা ভোট পিছলি গ’লেও যাতে এনডিএৰ হাতৰ মুঠিত থাকে এই ভোটখিনি। অৰ্থাৎ তেওঁলোকৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছিল বিজেপি। ইফালে বহু সমীক্ষামূলক ভিডিঅ’ত দেখা গৈছিল যে মহিলাসকলৰ অধিকাংশই কিন্তু নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক প্ৰদান কৰা বিভিন্ন সুবিধাৰ বিষয়ে কৈ শলাগ লৈছিল। তেনেক্ষেত্ৰত ক’ব পাৰি পুনৰ এবাৰ ৰাজনৈতিক বিচক্ষণতা প্ৰদৰ্শন কৰি একেখন ঘৰতেই ভোট বিভাজন কৰিবলৈ সক্ষম হৈছে বিজেপি। এনে এক কৌশলী সমীকৰণেৰে বিহাৰৰ মহিলা ভোটখিনি নিজৰফালে কৰি ল’বলৈ সক্ষম হৈছিল বিজেপি।
বিজেপিয়ে বিহাৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভ নকৰিলেও অত্যন্ত প্ৰতিকূল পৰিৱেশ সত্ত্বেও এনডিএৰ হাতত ক্ষমতা ৰখাৰ বাবে এক অনবদ্য কাম কৰিছিল। সেয়া হৈছে এমজিবি-ত উলম্ব বিভাজন আৰু আছাদুদ্দিন ওৱেইছিৰ প্ৰৱেশ। এমজিবি-ৰ সৈতে অক্টোবৰ মাহলৈ মিত্ৰজোঁটত আছিল ভিআইপি। এমজিবি-ৰ পৰা আঁতৰাই আনি নিৰ্বাচনৰ প্ৰাকক্ষণতে এনডিএ-ত যোগ দিয়াইছিল ভিআইপি-ক। এমজিপিৰ পৰা আঁতৰি আহিয়েই সেই ভিআইপি-য়ে ৪ খন আসন লাভ কৰিলে। এই চাৰিখন আসন ইউপিএ-ৰ হাতলৈ যোৱা মানেই এনডিএ-ৰ হাতত থাকিলহেঁতেন ১২১ খন আসন অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ এখন আসন কম। তাৰ লগে লগে বিহাৰ নিৰ্বাচনত জয় লাভৰ শেষ শেলডাল মাৰিছিল আছাদুদ্দিন ওৱেছিক প্ৰৱেশ ঘটাই। মুছলমান ভোটাৰৰ প্ৰাধান্য থকা সমষ্টি সমূহত ওৱেছিৰ এআইএমআইএম-ৰ যোগেদি আৰজেডি আৰু কংগ্ৰেছৰ ভোট বিভাজনতো সফল হ’ল বিজেপি। কেৱল সেয়াই নহয়, এমজিবি-ৰ নিশ্চিত ৫ খন আসন এআইএমআইএম-এ নিজৰ কৰিবলৈ সক্ষম হ’ল। কাৰ্যতঃ এইটো দিশেৰেও বিজেপিয়ে আছাদুদ্দিন ওৱেইছিক প্ৰায় কিংমেকাৰ হিচাপেই উপস্থাপন কৰিলে।
এয়াই আছিল বিহাৰত এনডিএৰ দুৰ্বল স্থিতি সত্ত্বেও, সমগ্ৰ এক্সিট পোলৰ ফলাফল এনডিএৰ বিপৰীতে থকা সত্ত্বেও অনবদ্য কৌশল ব্যৱহাৰ কৰি ৰণ বিজয় কৰাৰ সমীকৰণ। পুনৰ মোদী-শ্বাহৰ বিচক্ষণতাত কংগ্ৰেছ তথা ইউপিএ ৰণত পৰাৰ সমীকৰণ। ঠিক একেই সমীকৰণেৰে ২০২১ ৰ নিৰ্বাচনত অসমতো পুনৰ একক সংখ্যাগৰিষ্ঠতা অৰ্জনৰ পৰিকল্পনা ৰচিছে বিজেপিয়ে।