মহান যোদ্ধা,কোঁচ সেনাধ্যক্ষ বীৰ চিলাৰায়ৰ আজি ৫১২ সংখ্যক জন্ম-জয়ন্তী ৷
প্ৰতিবছৰে ২৭ ফেব্ৰুৱাৰী দিনটো ‘চিলাৰায় দিৱস’ হিচাপে উদযাপন কৰা হয় ৷
প্ৰৱল, প্ৰতাপী তথা পৰাক্ৰমী যোদ্ধা বীৰ চিলাৰায়ৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে উদযাপন কৰা হয় ‘চিলাৰায় দিৱস’ ৷
কোঁচ ৰাজ্যৰ সেনাপতি তথা কোঁচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় এগৰাকী সুদক্ষ যোদ্ধা আছিল ৷
তেওঁৰ সহায়তে নৰনাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰিছিল ৷
তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ বাবেই কোঁচ সৈন্যই ভূটীয়া, কছাৰী, আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল ৷
শৌৰ্য আৰু সাহসৰ প্ৰতীক বীৰ চিলাৰায় সমগ্ৰ অসমীয়া জাতিৰ বাবে এক প্ৰেৰণা ৷
আজি ৫১২ সংখ্যক জন্ম-জয়ন্তীত এইগৰাকী বিদ্বান আৰু ধাৰ্মিক বীৰ পুৰুষক শ্ৰদ্ধাৰে সোঁৱৰিছে সকলো অসমীয়াই ৷
photo: google