অসম এচোচিয়েছন অফ ফৰিদাবাদৰ উদ্যোগত ২৪ আৰু ২৫ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বিষয়ক এখন অনলাইন সংগীত, কবিতা আবৃত্তি আৰু বাদ্যযন্ত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাখনো চহৰৰ লগতে সুদূৰ আমেৰিকাৰ পৰা কণ কণ লৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। অানহাতে প্ৰতিযোগিতাখন সুচাৰুৰূপে সম্পন্ন হোৱাত এচ’চিয়েছনৰ দুগৰাকী সাংস্কৃতিক সম্পাদিকা সাগৰিকা হাজৰিকা আৰু ৰুণজুন বৰাৰ লগতে প্ৰচাৰ বিভাগৰ সম্পাদিকা ইন্দিৰা বৰা আৰু কাৰ্যকৰী সদস্য কপিলদেৱ শইকীয়া, গাৰ্গী বৰুৱা শৰ্মা আৰু ৰাজীৱ শৰ্মাই সহযোগিতা আগবঢ়ায়।
ঘোষণা কৰা ফলাফল অনুসৰি বিষ্ণু ৰাভা সঙ্গীত প্ৰতিযোগীতাৰ ক শাখাত অভিনীত বৰা, লীয়ানা চৌধুৰী আৰু অনুৰাগ বৰাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । খ শাখাত আৰ্শি গৌৰাত্রা, বিপাঞ্চি বৰঠাকুৰ আৰু অভিযুক্ত শৰ্মাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
তেনেদৰে বাদ্যযন্ত্ৰ প্ৰতিযোগীতাৰ ক শাখাত অভিনীত বৰা, অনুৰাগ বৰা, প্ৰিশা অনভি শৰ্মা আৰু মৰিছি বৰাই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু নিচুকনি বটা লাভ কৰে। বাদ্যযন্ত্ৰ প্ৰতিযোগীতাৰ খ শাখাত মৃণাভ দাস, অন্বিতা শৰ্মা আৰু আয়ুস কৌশিকে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । কবিতা আবৃত্তি প্ৰতিযোগীতাৰ ক শাখাত অন্বিতা বৰঠাকুৰ, প্ৰায়ুশি শইকীয়া, নাব্যানিছি তালুকদাৰ আৰু প্ৰীয়ান্স বৰুৱাই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু নিচুকনি বটা লাভ কৰে। খ শাখাত অনাদি শৰ্মা, সৃষ্টি জীতা পাঠক আৰু অঞ্জাতা শৰ্মাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।