নিউজ ডেস্কঃ আজি বাক্সাৰ শালবাৰীৰ মথনগুৰি সমষ্টিত অনুষ্ঠিত বিপিএফৰ এক বৃহৎ মহিলা সমাৰোহত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । সমাৰোহত তেওঁ কয় যে, বিশ্বজিৎ দৈমাৰীৰ দল ত্যাগ কৰাটো আজিৰ দিনত নতুন নহয় ৷ হিমন্ত বিশ্ব শৰ্মাই আগৰ পৰা কৈ আছিল ৷ সেইটো আজি পুৰণি কাহিনী হৈ গ’ল ৷ কিন্তু বিপিএফ দলৰ পৰা নতুনকৈ আৰু কোনো বিজেপিত নাযায় ৷ বিটিচি নিৰ্বাচনৰ পূৰ্বেই যদি বিশ্বজিৎ দৈমাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী হ’ব নোৱাৰে তেন্তে তেওঁ আৰু জীৱনত মন্ত্ৰী হ’ব নোৱাৰে ৷
হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰীক যি আশ্বাস দিছে সেইয়া ডিচেম্বৰৰ পূৰ্বে বিশ্বজিৎ দৈমাৰীয়ে লাভ কৰিব নোৱাৰিলে পিছলৈ তেওঁ ডাষ্টবিনত পৰি থাকিব ৷ বিটিচিত বিজেপিৰ একো কাম নাই ৷ ৰাইজে বিটিচিত বিপিএফ চৰকাৰ বনাইছে বুলিয়েই ধৰি লওক ৷ বিজেপিৰ তিতা আম খাই থৈছে সৰভোগ- মথনগুৰি সমষ্টিৰ ৰাইজে ৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ সমষ্টিতেই আজি ৰাইজে তিতা আম খাব লগা হৈছে ৷ হিমন্তই যি উপলুঙা কৰা ধৰণৰ কথা কৈছে এই কথাৰ বাবে বিটিচি ৰাইজে বিজেপিক ভোট নিদিয়ে ৷ ৰণজিৎ দাস সকলোতকৈ উচ্চ স্তৰৰ ৰাজ্যিক পৰ্যায়ৰ বিজেপিৰ সৰ্বশ্ৰেষ্ঠ মহান ব্যক্তি তথা দলৰ সভাপতি ৷ কিন্তু তেওঁৰেই সমষ্টিৰ ৰাইজৰ দুৰৱস্থাৰ কথা আজি সৰ্বজনবিদিত ৷
তেওঁ লগতে কয় যে, বিপিএফে বছৰ বছৰ ধৰি অকল বিটিচিতেই নহয় নামনি অসমতো উন্নয়নৰ জয়ধ্বজা উৰুৱাই আহিছে ৷ অনাগত দিনতো একেই উন্নয়ন কৰিব বিপিএফ চৰকাৰে ৷ আনহাতে, ইউ পি পি এলৰ মুৰব্বী উৰ্খাও গৌৰা ব্ৰহ্মৰ প্ৰসংগত মন্ত্ৰী ব্ৰহ্মই কয়, ২০০৫ৰ পৰাই উৰ্খাও গৌৰা ব্ৰহ্মই বহুবাৰ নিৰ্বাচন খেলিলে৷ কিন্তু জয়ৰ মুখহে আজিলৈ দেখিব পৰা নাই ৷
তেওঁ জিকিব পৰা কোনো ইতিহাসেই নাই ৷ ২০ নং মথনগুৰি সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদৰ সমৰ্থনত আজি অনুষ্ঠিত হোৱা মহিলা সমাৰোহত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে অংশগ্ৰহণ কৰে বিপিএফ নেত্ৰী অঞ্জলি দৈমাৰী, বিপিএফ নেতা ৰবিৰাম নাৰ্জাৰী, মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ, শালবাৰী সমষ্টিৰ প্ৰাৰ্থী জয় মুছাহাৰীকে ধৰি দলটোৰ ভালে সংখ্যক নেতাকৰ্মী ৷ সমাৰোহত বিৰোধী দল বিজেপি আৰু ইউপিপিএলক তীব্ৰ সমালোচনা কৰে উপস্থিত নেতৃবৃন্দই ৷