চতুৰ্থটো কাৰ্যকালৰ বাবে পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ’ল বিশ্বজিৎ দৈমাৰী ৷
বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছত ৰাজ্যসভাৰ খালী হৈ থকা আসনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল বিজেপিৰ পৰা বিশ্বজিৎ দৈমাৰী আৰু বিপিএফৰ পৰা প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰীয়ে ।
কিন্তু মনোনয়ন পত্ৰ দাখিল কৰিলে কেৱল বিশ্বজিৎ দৈমাৰীয়ে ।
এয়া দুয়োটা দলৰ মাজৰ ৰাজনৈতিক সমীকৰণ নে কাৰিকৰী কাৰণ সেইসন্দৰ্ভত চৰ্চা চলিছে ৰাজনৈতিক মহলতো ।
ইয়াত কোনো বৃহৎ ৰাজনৈতিক অংক জড়িত হৈ আছে বুলিও একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে ।
আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি আৰু বিপিএফৰ মিত্ৰতাৰ প্ৰসংগও উত্থাপন হৈছে ।
কিন্তু চন্দী বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাৰ প্ৰকৃত কাৰণ হ’ল আসনখনত জয়ী হ’বৰ কাৰণে ৬০ গৰাকী বিধায়কৰ সমৰ্থন থকাটো বাঞ্চনীয় ৷
ইয়াৰ বিপৰীতে বিপিএফৰ হাতত আছিল কেৱল ১১খন আসন ৷
ইতিমধ্যেই ইমানুৱেল মুছাহাৰীয়ে ত্যাগ কৰিছে বিধায়কৰ আসনখন ৷
গতিকে বিপিএফৰ হাতত ১১খন আসন থকাৰ বিপৰীতে বিজেপিৰ হাতত অকলে আছিল ৬০খন আসন আৰু মিত্ৰজোঁটৰ ১৩খন আসন মিলি ৭৩খন আসন আছিল বিজেপিৰ হাতত ৷
এনে পৰিপ্ৰেক্ষিতত অন্য দলৰ পৰা প্ৰতিদন্দিতা কৰি নিৰ্বাচনত জয়ী হোৱাটো অসম্ভৱ ৷
গতিকে বিশ্বজিৎ দৈমাৰীৰ পুনৰ আসন লাভ অথবা চন্দী বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল নকৰাক লৈ কোনো ৰাজনৈতিক সমীকৰণৰ কথা নাহে ৷
সম্পূৰ্ণ কাৰিকৰী কাৰণতহে বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বজিৎ দৈমাৰী ৷