নিৰ্বাচনৰ পূৰ্বে আঁতৰাব লাগিব চৰকাৰী আঁচনি আৰু ৰাজনৈতিক দলৰ সকলো পোষ্টাৰ ৷
শনিবাৰৰ ভিতৰত মহানগৰীৰ সকলো পোষ্টাৰ আঁতৰোৱাৰ নিৰ্দেশ দিয়ে কামৰূপ(মেট্ৰ’) জিলা প্ৰশাসনে ৷
শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই নিৰ্বাচনী বিধিসমূহৰো কাৰ্যকৰী কৰা হয় ৷
২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অসমত তিনিটা পৰ্যায়ত হ’ব বিধানসভা নিৰ্বাচন ৷
কামৰূপ(মেট্ৰ’)ৰ ৪টা বিধানসভা সমষ্টিত হ’ব তৃতীয় পৰ্যায়ত নিৰ্বাচন ৷
শুকুৰবাৰে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৰাজনৈতিক দলৰ সকলো বেনাৰ-পোষ্টাৰ আঁতৰোৱাৰ লগতে চৰকাৰী আঁচনিৰ পোষ্টাৰসমূহো ২৪ ঘণ্টাৰ ভিতৰত আঁতৰোৱাৰ নিৰ্দেশ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষক ৷
উল্লেখ্য, যদি কোনো ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰতো এনে পোষ্টাৰ পোৱা যায় তেতিয়া সম্পত্তিৰ মালিকে পোষ্টাৰসহ NOCৰ প্ৰতিলিপি ওলোমাই ৰাখিব লাগিব ৷
photo: google