নিউজ ডেস্কঃ বিশ্বনাথত শিক্ষিত সমাজক লজ্জানত কৰা এটা শিক্ষিত পৰিয়ালত এটা অমানবীয় পাশৱিক কাণ্ড সংঘটিত হৈছে। এগৰাকী ৯ বছৰীয়া কণমানি এই তথাকথিত শিক্ষিত পৰিয়ালটোৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হয়। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ বামগাঁৱত। জানিব পৰা মতে অসম গ্ৰামীণ বিকাশ বেংকত কৰ্মৰত পৰিস্মিতা বৰা আৰু তেখেতৰ স্বামী মাধুৰ্য বৰাই নিজৰ ৩ বছৰীয়া সন্তানক চোৱা-চিতাৰ বাবে বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাৰ পৰা এগৰাকী ৯ বছৰীয়া শিশুক আনিছিল বনকৰা শিশু হিচাপে। কিছুদিন ঠিকে ঠাকে চলি আছিল,কিন্তু লাহে লাহে বনকৰা শিশু গৰাকীৰ ওপৰত আৰম্ভ কৰিলে শাৰীৰিক মানসিক আতিশায্য।কিন্তু কালি এই অত্যাচাৰৰ সীমা চেৰাই গল। পৰিস্মিতা ভূঞাৰ তিনি বছৰীয়া সন্তানটো খেলি থকা অৱস্থাত সামান্য আঘাত পায়। সেইয়াই ভুল হল পৰিস্মিতা ভূঞাৰ বনকৰা কন্যা শিশুটিৰ বাবে।লগে লগে পৰিস্মিতা ভূঞাই অসুৰৰৰ দৰে জপিয়াই পৰিল বন কৰা ৯ বছৰীয়া শিশুটিৰ ওপৰত। বন কৰা শিশুটিক পৰিস্মিতা ভূঞাই ইমানেই বেয়াকৈ প্ৰহাৰ কৰে যে বনকৰা শিশুটিয়ে মূৰত প্ৰচণ্ড আঘাত পোৱাৰ লগতে কাণেৰে তেজ পৰ্যন্ত নিগৰে।ইফালে শিশু গৰাকীৰ সমস্ত শৰীৰত আঘাটৰ চিন স্পষ্টভাৱে পৰিলক্ষিত হয়।শিশু গৰাকীয়ে যেনে তেনে নিশাটো পাৰ কৰিয়েই আজি পুৱা পৰিস্মিতা ভূঞাৰ গৃহৰ পৰা পলায়ন কৰি নিজ ঘৰলৈ বুলি যায় যদিও কিছু দূৰ অতিক্ৰম কৰি শিশুটিয়ে ভুল ৰাস্তাৰ দিশে কান্দি কন্দি আগবাঢ়ি থকা অৱস্থাতে পাভৈ পথত এজন যুৱকে প্ৰত্যক্ষ কৰে শিশুটিক। লেহুগাঁৱৰ ওচৰত স্থানীয় যুৱক জনে শিশুটিক ৰখাই কান্দি থকা দেখি কি হল বুলি সোধা-পোছা কৰাতহে সমস্ত ঘটনা পোহৰলেৈ আহে। ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ বনকৰা শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে একবিংশ শতিকাৰ এই যুগত মানৱতাক ভূলুন্ঠিত কৰা এই ঘটনাই কপাঁইছে বিশ্বনাথ ৷
বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন