নিউজ ডেস্কঃ নির্বাচনৰ পূর্বে মুখ্যমন্ত্রী পদৰ প্রার্থী ঘোষণা নকৰে কংগ্রেছে৷ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে হাইকমাণ্ডে বাছনি কৰিব মুখ্যমন্ত্রী৷ এই কথা ঘোষণা কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ ২০২১ৰ নির্বাচনত তেওঁ পুনৰ প্রতিদ্বন্দ্বিতা কৰিব বুলিও গগৈয়ে ঘোষণা কৰে৷ অৱশ্যে তেওঁ মুখ্যমন্ত্রিত্বৰ দৌৰত নাই বুলি কয়৷ এখন সংবাদমেলযোগে মন্ত্রী হিমন্ত বিশ্ব শর্মাক প্রত্যাহবান জনায় গগৈয়ে৷
বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ১০০খন বা ততোধিক আসন পালে ৰাজনীতি ত্যাগ কৰিম বুলি গগৈয়ে ঘোষণা কৰে৷ তদুপৰি মহাজোঁটবন্ধনে ৩৫খনতকৈ কম আসন পালেও ৰাজনীতি ত্যাগ কৰিব বুলিও গগৈয়ে কয়৷ মন্ত্রী হিমন্ত বিশ্ব শর্মাই মহাজোঁটবন্ধনে ৩৫খন আসনতে সীমাবদ্ধ থাকিব বুলি মন্তব্য কৰিছিল৷ হিমন্ত বিশ্ব শর্মাক প্রত্যাহবান জনাই সংবাদমেল যোগে গগৈয়ে কয় যে হিমন্তৰ কথা সত্য হ’লে তেওঁ হিমন্তক গামোচা পিন্ধাব৷ ‘যদিহে হিমন্তৰ কথা সঁচা নহয় তেন্তে হিমন্তয়ো ৰাজনীতি এৰক৷’– এইদৰে কয় গগৈয়ে৷
নিজকে পূর্ণানন্দ বুঢ়াগোহাঁইৰ বংশধৰ বুলি উল্লেখ কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে অভিযোগ কৰে যে গগৈৰ নাম শুনিলেই হিমন্তৰ মুৰ গৰম হয়৷ গৌৰৱ গগৈ মুখ্যমন্ত্রী হ’বলৈ নাহে বুলিও সাংবাদিকৰ প্রশ্নৰ উত্তৰত গগৈয়ে কয়৷ ‘কিছুমানে ক’ব খোজে মই ব্যক্তিগত স্বার্থত কিবা-কিবি কৰি আছোঁ৷ মোৰ কি স্বার্থ আছে৷ এনেয়ে কৈ থাকে পুতেক আহিব৷ দহ বছৰ পাছত যদি আহে সেয়া বেলেগ কথা৷’ সংবাদমেলত এইদৰে কয় গগৈয়ে৷
সাংবাদিকৰ আন প্রশ্নৰ উত্তৰত গগৈয়ে কয়– ‘হু ইজ বদৰুদ্দিন বুলি কওঁতে উজনি অসমত আমি কম আসন পাইছিলোঁ৷ শিৱসাগৰত ২, গোলাঘাটত ৩ আৰু ডিব্রুগড় জিলাত ২টা সমষ্টি হেৰুৱাইছিলোঁ৷ হেমপ্রভা শইকীয়া, অঞ্জন দত্তও হাৰিছিল৷’ এ আই ইউ ডি এফৰে মিত্রতা হ’লেও উজনি অসমত কংগ্রেছৰ ভোটবেংকৰ খহনীয়াৰ সৃষ্টি হ’ব বুলি বহুতে কৰা অভিযোগ এইদৰে খণ্ডন কৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে৷
আনহাতে আজি তৰুণ গগৈক পুনৰ আক্রমণ কৰি মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে পুত্রৰ স্বার্থতেই তৰুণ গগৈয়ে জাতি, ধর্ম বিক্রী কৰিছে৷ ‘তৰুণ গগৈৰ পুত্র স্নেহৰ বাবেই ২০১৬ত কংগ্রেছ হাৰিল৷ তেওঁ কেতিয়াবা লাচিত, কেতিয়াবা চুকাফা আৰু কেতিয়াবা চিলাৰায়ৰ বেশ ধৰিছিল৷ এতিয়া তৰুণ গগৈয়ে ঔৰংজেৱ আৰু আজমলৰ বেশ ধৰিছে৷’ গগৈক এইদৰে হিমন্ত বিশ্ব শর্মাই কটাক্ষ কৰে৷