নিউজ ডেস্কঃ জিন্দেগীত বিটিআৰত বিজেপিয়ে পৰিষদ গঠন কৰিব নোৱাৰে, হাগ্ৰামাৰ বক্তব্যৰ প্ৰত্যুত্তৰত ৰঞ্জিত দাসে বিটিআৰত দুটা সংখ্যাৰ আসন পাব বুলি মন্তব্য কৰে৷
আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফৰে মিত্ৰতা অটুট থাকিবনে সেই দায়িত্ব লব কেন্দ্ৰীয় সমিতিয়ে বুলিও তেওঁ মন্তব্য কৰে৷
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সোমবাৰে পাঠশালাত উপস্থিত হৈ অংশগ্ৰহণ কৰে বজালী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত । সভাপতিজনক বিজেপিৰ সমৰ্থকসকলে বৃহৎ বাইক ৰেলীৰে আদৰি লৈ যায়, যেন এক নিৰ্বাচনী পৰিবেশহে । ৰাজ্যিক সভাপতিজনে পাঠশালাৰ মাজমজিয়াত পাঠশালা টাউন ক্লাব আৰু স্বৰগম ক্লাৱৰ চাৰিমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সভাপতিজনে কয়, বিটিআৰত হাগ্ৰামাই বিজেপিয়ে কিয় জীৱনত পৰিষদ গঠন কৰিব নোৱাৰে বুলি কোৱা কথাত আশ্বৰ্য প্ৰকাশ কৰি কয় বিজেপিৰ সংগঠন বিটিআৰত যথেষ্ট শক্তিশালী হৈছে আৰু পৰিষদীয় নিৰ্বাচনত দুটা সংখ্যা থকা আসন লাভ কৰিব বিজেপিয়ে । আনহাতে আগন্তুক বিধানসভা নির্বাচনত বিপিএফৰে মিত্ৰতা থাকিবনে নাই সেই সন্দৰ্ভত বিজেপি দলৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লব বুলি জনায় ৰঞ্জিত দাসে ।