নিউজ ডেস্কঃ অতি বস্তুটো বেয়া ।শেহতীয়াকৈ হিন্দুত্ববাদী স্বয়ম্ভূ নেতা সত্যৰঞ্জন বৰাই অতি হিন্দু কৰিছে বিজেপি বিৰোধী শক্তিৰ এজেন্ট হিচাবে। বৰাৰ নাম নোলোৱাকৈ শেহতীয়াকৈ মুছলমানক লক্ষ্য কৰি লৈ চিৰিয়াখানাৰ বাঘক গোমাংস দিয়া কাৰ্য্যৰ প্ৰতিবাদ কৰা ঘটনা বিজেপিৰ নহয়। এই বিস্ফোৰক মন্তব্য ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি হিমাংশু শেখৰ বৈশ্যৰ।
বৃহস্পতিবাৰে তেজপুৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শোণিতপুৰ বিজেপি যুৱ মৰ্চাৰ কাৰ্য্য নিৰ্বাহকত অংশ গ্ৰহণ কৰি যুৱ মৰ্চাৰ উপ সভাপতি গৰাকীয়ে বদৰুদ্দিন আজমলৰ লুঙিত ধৰি সাংসদ হোৱা অজিত ভূঞাই জাতীয়তাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি অভিযোগ কৰি সেই বাবেই ভূঞাই আজমলৰ সভাত ব্যৱহাৰ হোৱা আৰবিক ভাষাৰ বেনাৰ সম্পৰ্কত কোনো মন্তব্য দিয়া নাই বুলি কয়। আনহাতে অগপৰ যুৱ পৰিষদে আগন্তুক বিধান সভা নিৰ্বাচনত বহু কেইটা সমষ্টি অগপক এৰি দিবলৈ যি দাবী উত্থাপন কৰিছে সেই সম্পৰ্কত সিদ্ধান্ত বিজেপি দলে ল’ব বুলি কয় যুৱ মৰ্চাৰ উপ সভাপতি গৰাকীয়ে।