নিউজ ডেস্কঃ বৃহস্পতিবাৰে মায়ঙৰ হচেনাবঢ়ীৰ এক ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অখিল গগৈৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছে ।
বৰদলৈয়ে কয় যে বিজেপি চৰকাৰে অখিল গগৈক আক্ৰোশমূলক ভাৱে বন্দী কৰি ৰাখিছে ৷
অখিল গগৈক বিজেপি চৰকাৰে ভয় কৰে ৷
অখিল জেলৰ পৰা ওলালে পুনৰ ‘কা’ আন্দোলন সক্ৰিয় হৈ উঠিব ৷
গতিকে, অসমৰ ৰাইজে বিজেপি চৰকাৰৰ সম্পূৰ্ণ চক্ৰান্ত বুজি উঠিছে আৰু এইবাৰ অসমৰ ৰাইজে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপি চৰকাৰক সমৰ্থন নকৰে বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।