অৱশেষত গ্ৰেপ্তাৰ বিজেপি নেত্ৰী দীপাঞ্জলি কাকতি ৷
কাকপথাৰস্থিত নিজা বাসগৃহৰ পৰা শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে দীপাঞ্জলি কাকতিক ৷
বৰ্তমান তিনিচুকীয়া সদৰ থানাত সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখ্য,২০২০ চনৰ ৮ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ কাকপথাৰত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰিছিল দীপাঞ্জলি কাকতিয়ে ৷
কাকপথাৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷
ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪,৪৪৮,৩৩২,১৪৭ নং ধাৰাত চাৰিটাকৈ গোচৰ ৰুজো হৈছিল দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে ৷
ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল কাকতি, যাৰ বাবে অসম আৰক্ষীয়ে পলাতক ঘোষণা কৰিছিল দীপাঞ্জলি কাকতিক।