কল খাই বাকলিটো দিলে অগপক বিজেপিয়ে | ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত শাসক দল বিজেপিয়ে মিত্ৰ দলক কেনে মৰ্যাদা দিব তাৰ ইংগিত দিছে বি.টি.আৰ আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত | এই ক্ষেত্ৰত বিজেপিৰ মিত্ৰ দ’ল অগপক যে বিজেপিয়ে যে প্ৰতাৰিত কৰিব ইয়াৰ পৰাই নিশ্চিত হ’ব ৷ বি টি আৰৰ নিৰ্বাচনত মিত্ৰ দ’ল বিপিএফ পৰাভূত কৰিবলৈ বিজেপি হাতে-কামে লাগি পৰাৰ লগতে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিত ৩৫ টা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীৰ নামৰ তালিকা ঘোষণা কৰাৰ লগতে মাত্ৰ এখন আসন অগপক দিয়াত আঞ্চলিক ৰাজনৈতিক দ’লটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ বাবে কিছু চিন্তিত হৈ পৰিছে |