গুৱাহাটীঃ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট অঞ্চলৰ চকীঘাটত এটা ভূমি বিবাদক কেন্দ্ৰ কৰি বিধায়ক পদ্ম হাজৰিকাই ৰাজপথত মাৰণাস্ত্ৰলৈ ঘূৰি ফুৰা কাৰ্যত চিপিআই(এম)অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এক বিবৃতিত দলটোৰ সম্পাদক দেবেন ভট্টাচাৰ্যই কয় যে – বিবদমান অঞ্চলত বিধায়ক গৰাকীয়ে পুলিচ-প্ৰশাসনৰ সন্মুখতে মুকলিকৈ অস্ত্ৰ কঢ়িয়াই লৈ ফুৰা দেখিবলৈ পোৱা গৈছে। এইদৰে সকলো নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই বিধায়ক হাজৰিকাই আইন নিজৰ হাতত তুলি লোৱাটো গৰ্হিত কাৰ্য বুলি সদৰী কৰিছে ভট্টাচাৰ্যই। চিপিআই(এম)ৰ সুচিন্তিত অভিমত হ’ল বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কোনো ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা উচিত নহয়।কালি চতিয়া সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত হোৱা উত্তেজনা আৰু সংঘাতৰ বাবে দায়ীসকলক চিনাক্ত কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰাটো পুলিচ-প্ৰশাসনৰ দায়িত্ব। কিন্তু চৰকাৰে ইয়াৰ পৰিৱৰ্তে শাসক দলৰ স্থানীয় বিধায়ক গৰাকীক আইন হাতত তুলি ল’ব দিব নোৱাৰে। ইয়াৰ পূৰ্বেও এইগৰাকী বিধায়কে আইন-কানুন উলংঘা কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।চিপিআই(এম)অসম ৰাজ্যিক কমিটিয়ে আইন-শৃংখলা ভংগৰ অভিযোগত বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট