নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনা বি জে পি ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত মিলিত হয়।ৰঞ্জিত দাসে মাহেকীয়া অসমীয়া বি জে পি বাৰ্তা উন্মোচন কৰে। তেওঁ কয় সাংবাদিক সকলে যি দুখ কষ্ট নেওচি ৰাইজৰ আগত যি ধৰণে বাতৰিৰ যোগান ধৰি আহিছে তাৰ বাবে সাংবাদিকসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰে।সংবাদ মাধ্যমৰ মাজত থকা ভুলবোৰ পৰিহাৰ কৰি এক নতুন খোজেৰে আগবাঢ়িব লাগিব।২০২১ চনটো অসমৰ বাবে এক মূল্যৱান বছৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে সভাপতিয়ে।
অসমৰ ৰাইজে বি জে পি ক আঁকোৱালি লৈছে সেইকথা তেওঁ বি জে পি কৰ্মকৰ্তা হিচাপে নহয় সাধাৰণ নাগৰিক হিচাপে কৈছে বুলি ব্যক্ত কৰে। ১০০% কাম কৰিব পৰা নাই, কেতিয়াবা কিছুমান কাম মেৰপাকত সোমাই ৰৈ যায়।নাগৰিকঞ্জীখনো আইনী মেৰপাকত সোমাই আধৰুৱা হৈ থাকিল।ঠিক তেনেদৰে আৰু বহু কাম তেনে কিছুমান মেৰপাকত সোমাই সম্পূৰ্ণ নোহোৱাকৈ থাকি গল। ২০২১ চনতো অসমৰ ৰাইজে বি জে পি দলক নিৰ্বাচনত জয়ী কৰাব বুলি তেওঁ আশা প্ৰকাশ কৰে।