অসম বিধানসভাৰ এটা বিশেষ সমষ্টি। সমষ্টিটোত ৫০ বছৰ ৰাজত্ব কৰিছে কংগ্ৰেছে।
এই ৫০ বছৰৰ ভিতৰত ৩০ বছৰ ৰাজত্ব কৰিছে এটা পৰিয়ালৰ মাতৃ-পুত্ৰই।
এই বিশেষ সমষ্টিটো হ’ল যোৰহাট জিলাৰ মৰিয়নী। মাতৃ ৰূপম কুৰ্মীয়ে প্ৰায় ১৫ বছৰ ৰাজত্ব কৰাৰ পিছত ১৫ বছৰ ৰাজত্ব কৰিলে পুত্ৰ ৰূপজ্যোতি কুৰ্মীয়ে।
কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ বিপদত পৰিব নেকি বিধায়ক ৰূপজ্যোতি কুৰ্মী?
২০২১ৰ নিৰ্বাচনত বিধায়কৰ আসন হেৰুৱাব লাগিব নেকি কংগ্ৰেছী বিধায়কগৰাকীয়ে?
বিজেপিয়ে শেহতীয়াকৈ কৰা নিৰ্বাচনী পাশাখেলত ৰণত পৰিব নেকি ৰূপজ্যোতি কুৰ্মী?
বিধানসভাই হওক বা সংবাদ মাধ্যমতেই হওক, সততে বিভিন্ন কাৰ্যকলাপেৰে মুখৰোচক বিষয় হৈ থকা ৰূপজ্যোতি কুৰ্মীৰ প্ৰধান প্ৰতিদ্বন্দ্বী ৰূপে বিবেচিত হৈ অহা অলক কুমাৰ ঘোষে এতিয়া পিন্ধিছে গেৰুৱা বসন।
আৰু এই আলোক কুমাৰ ঘোষক তুৰুপৰ পাত হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে ৰণত পেলোৱাৰ বেহু সাজিছে ৰূপজ্যোতি কুৰ্মীৰ বাবে।
আসন্ন বিধানসভা নির্বাচনত মৰিয়নী সমষ্টি যিকোনো প্ৰকাৰে হস্তগত কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপি।
গেৰুৱা দলৰ মিছন ১০০ প্লাছৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে এই সমষ্টিটো।
ইমান বছৰে কংগ্ৰেছৰ দুৰ্গ হিচাবে বিবেচিত এই সমষ্টি দখল কৰিবলৈ সৰ্বতোপ্ৰকাৰ চেষ্টাত নামি পৰিছে বিজেপি নেতৃত্ববৃন্দ ৷
কেৱল এয়াই নহয় ভোটাৰক আকৃষ্ট কৰিবলৈকে মৰিয়নী সমষ্টিৰ পৰা জয়ী হোৱা বিজেপি প্ৰাৰ্থীক মন্ত্ৰিত্ব দিয়াৰো প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে।
গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে বিজেপি সভাপতিৰ এই ঘোষণা যদি প্ৰকৃততেই দলীয় ঘোষণা হয় তেন্তে অলক কুমাৰ ঘোষকেই ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিবনে বিজেপিয়ে?
কিন্তু আলোক ঘোষক লৈ কি পৰিকল্পনা কৰিছে বিজেপিয়ে?
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ হাতত পৰাজয় বৰণ কৰা আলোক কুমাৰ ঘোষ হঠাতে কিয় বিজেপিৰ বাবে ইমান জৰুৰী হৈ পৰিছে?
কাৰণ বিগত তিনিটাকৈ বিধানসভা নিৰ্বাচনতেই ৰূপজ্যোতি কুৰ্মীৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিল আলোক ঘোষ।
তিনিওবাৰেই ৩০ হাজাৰৰ অধিক ভোট লাভ কৰি আহিছে ঘোষে।
অৰ্থাৎ এটা নিৰ্দ্দিষ্ট পৰিমাণৰ ভোট বেংক ধৰি ৰাখিছে সঘনাই দল সলনি কৰা আলোক ঘোষে।
আৰু সেই ভোট বেংকতেই এইবাৰ চকু দিছে বিজেপি নেতৃত্বই।
আৰু শেহতীয়া ৪টা বিধানসভা নিৰ্বাচনতে বিজেপিয়ে প্ৰতিবাৰেই নিজৰ ভোটসংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
এনে পৰিস্থিতিত আলোক ঘোষৰ ভোট বেংক হস্তগত কৰিব পাৰিলেই মৰিয়নী প্ৰথমবাৰৰ বাবে দখললৈ আহিব বিজেপিৰ।
কিন্তু এইখিনিতে দুটা সমীকৰণলৈ আমি গুৰুত্ব প্ৰদান কৰিব লাগিব যে,
ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৰা ঘোষণা অনুসৰি প্ৰথমটো সমীকৰণ হ’ল যে,
মন্ত্ৰিত্ব পোৱাৰ বাবে যোগ্য বুলি হাইকামাণ্ড পতিয়ন যাব পৰা কোনো শক্তিশালী নেতাক প্ৰক্ষেপ কৰিব লাগিব বিজেপিয়ে।
দ্বিতীয়টো সমীকৰণ হ’ল, ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিজেপিয়ে কোনো শক্তিশালী চাহ জনজাতিৰ নেতাকেই প্ৰক্ষেপ কৰিব।
বিজেপিয়ে আশা কৰিছে যে এইবাৰ যদি মৰিয়নী সমষ্টিত চাহ জনগোষ্ঠীৰ ভোট সংগ্ৰহ কৰিব পাৰে তেনেহ’লে হয়টো এই আসন তেওঁলোকে অনায়াসে লাভ কৰিব পাৰিব।
এনে পৰিপ্ৰেক্ষিতত আলোক কুমাৰ ঘোষক আন কোনো উচ্চ বাব প্ৰদান কৰি কোনো চাহ জনগোষ্ঠীৰ নেতাক এই সমষ্টিৰ নেতা হিচাবে প্ৰক্ষেপ কৰিব পাৰে বুলিও জল্পনা কল্পনা চলিছে।
অৱশ্যে নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নী সমষ্টিত কোনে লাভ কৰিব গেৰুৱা দলৰ প্ৰাৰ্থিত্ব সেয়া লক্ষণীয় হ’ব।
Photo: Google