নিউজ ডেস্কঃ বি টি চি নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই বি জে পি নেতৃত্বাধীন মন্ত্ৰীসভাৰ পৰা বি পি এফৰ তিনি মন্ত্ৰীক স্ব-ইচ্ছাই ওলাই যাবলৈ যি অপমানসূচক মন্তব্য কৰিছিল তাৰ ক্ষোভত জ্বলিছে প্ৰমীলাৰাণী ব্ৰহ্ম। ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ সাজু হ’বলৈ বি জে পিক প্ৰত্যাহ্বান জনাই বিপিএফৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কয় যে বি টি আৰৰ নিৰ্বাচনী প্ৰচাৰত বি পি এফক কুকুৰৰ দৰে ব্যৱহাৰ কৰিলে বিজেপিয়ে। আমিও বি জে পিক ২০২১ চনৰ নিৰ্বাচনত চাম। তেওঁলোক নিজেই বিপদত পৰিব। বিটিআৰৰ ফলাফল যিয়েই নহওঁক, ২০১৬ চনত বিজেপি আৰু বিপিএফৰ ৫ বছৰৰ বাবেহে বুজাবুজিৰ চুক্তি হৈছিল। বিপিএফ আৰু হাগ্ৰামাৰ সহায়ৰ বাবেহে বি জে পিয়ে দিছপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। সেয়া বিজেপিয়ে স্বীকাৰ কৰিব লাগিব। যি সময়ত অসমত ১২ খন বিধানসভাৰ আসন পাব পৰাকৈ বি জে পিৰ সামৰ্থ্য নাছিল, সেই বি জে পিয়ে ২০১৬ চনত বিপিএফৰ সহযোগত চৰকাৰ কৰি এতিয়া অহংকাৰ কৰিছে। এই দৰ্প-অহংকাৰ চূৰ্ণ হ’ব ৷