বিজেপিৰ উদ্যোগত ৰাইজৰ মাজত স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লক্ষৰে ১১ আগষ্টৰ পৰা দেশজুৰি চলি থকা ত্ৰিৰংগা যাত্ৰা কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি অলপতে বিজেপিৰ বিশ্ববিদ্যালয় মণ্ডল সমিতিৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শেষ ঠিকনা জালুকবাৰীস্থিত সমাধিক্ষেত্ৰৰ সন্মুখত এক বৃহৎ চাফাই অভিযান চলোৱা হয়। বিশ্ববিদ্যালয় মণ্ডল সমিতিৰ সভাপতি সিদ্ধেশ্বৰ কলিতা আৰু গুৱাহাটী পৌৰ নিগমৰ ২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতাৰ নেতৃত্বত চলোৱা চাফাই অভিযানত সমিতিৰ সাধাৰণ সম্পাদকদ্বয় মনোজ কুমাৰ দাস আৰু মৃণাল দাস, বিশ্ববিদ্যালয় সংখ্যালঘু মৰ্চাৰ সভাপতি চিৰাজুল হক, সাধাৰণ সম্পাদক জয়নুল হক ( জয়) কে ধৰি দলৰ বহু কাৰ্যকৰ্তাই ভাগ লয়।
তেনেদৰে চাফাই অভিযানত ভাগ লোৱা সকলোৱে হাতে হাতে ঝাৰু লৈ সমাধিক্ষেত্ৰৰ সন্মুখভাগ আৰু প্ৰৱেশদ্বাৰৰ সকলো আৱৰ্জনা চাফ – চিকুণ কৰে। তেনেদৰে তাৰ কিছু নিলগত থকা জালুকবাৰী উৰণীয়া সেঁতুৰ তলত মানুহৰ সমাগম হোৱা স্থানখিনীও চাফ – চিকুণ কৰা হয়। তাৰ পাছত জালুকবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথটোৰ দাঁতিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ হকে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি মণ্ডল সমিতিৰ ফালৰ বিভিন্ন থলুৱা প্ৰজাতিৰ অৰ্দ্ধ শতাধিক গছপুলি ৰোপণ কৰা হয়।