প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ভাতৃ কৰুণা ৰাভা অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুৱাহাটী হেলথ চিটি হাস্পাটালত চিকিৎসাধীন হৈ থকা পুত্ৰৰ বাবে জোনমণি ৰাভাৰ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে সহায়ৰ আহ্বান জনাইছিল। এই সহায়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অসম প্ৰদেশ বিজেপিয়ে ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই চিকিৎসালয়ত সাক্ষাৎ কৰে জোনমণি ৰাভাৰ ৰোগীয়া ভাতৃ আৰু মাতৃক। চিকিৎসালয়ত কৰুণা ৰাভাৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ বাবে অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা ২ লাখ টকা প্ৰদান কৰা হয়। আজিৰ এই সাক্ষাৎৰ সময়ত মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে বিধায়ক দিগন্ত কলিতাৰ লগতে দলটোৰ বহুকেইজন নেতা কৰ্মীয়ে।