নিউজ ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিবেশনত বুধবাৰে গৃহীত হয় বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ বিধেয়ক, ২০২০। লগতে সদনত বুধবাৰে অসমৰ অন্যতম জনগোষ্ঠীয় ভাষা বড়ো ভাষাক ৰাজ্য চৰকাৰৰ সহযোগী ভাষা হিচাপে প্ৰদান কৰা হয়। ইয়াৰ পিছতে এতিয়া বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো কছাৰী সকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ।
বিধেয়কখন গৃহীত হোৱাৰ পিছতে সৰুপথাৰত বড়ো কছাৰী জনগোষ্ঠীয় লোকসকলৰ মাজত দেখা পোৱা যায় আনন্দ উল্লাস। সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৱৰ্তী বড়ো জনবসতিপূৰ্ণ অঞ্চল উৰিয়ামঘাটৰ ধনতুলাৰ ৰাজহুৱা খেলপথাৰত বড়ো কছাৰী বহু লোক সমবেত হৈ বিধেয়কখনক আদৰণি জনায়। বহুকাংক্ষিত বিধেয়কখন সদনত গৃহীত কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে বড়ো কছাৰী জনগোষ্ঠীয় লোকসকলে।