নিউজ ডেস্কঃ অসম বিধান সভাৰ অধিৱেশনত আজি গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা স্বীকৃতি দিয়ে গৃহীত হোৱা এই বিধেয়কখনে। বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্য্যাদা প্ৰদানৰ প্ৰস্তাৱ আছিল। আজি গৃহীত হোৱা এই বিধেয়কৰ জৰিয়তে বড়ো ভাষাই অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে লাভ কৰিলে।উল্লেখ্য, প্ৰথমে এই বিধেয়কখনত সংশোধনীৰ প্ৰস্তাৱ আনিছিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। বিধায়ক পুৰকায়স্থই বড়োৰ সৈতে বাংলা ভাষাকো অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবী কৰে।
অৱশেষত সৰ্বসন্মতভাৱে গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। বিধেয়কখনত এতিয়া কেৱল ৰাজ্যপালৰ অনুমোদনহে বাকী আছে। ৰাজ্যপালৰ অনুমোদনৰ পিছতেই বড়ো ভাষাই অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্য্যাদা লাভ কৰিব।