গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ জালুকবাৰীৰ কাটিয়া দলঙৰ আদিল শ্বাহ গলিত আজি দিনৰ ভাগত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত মৃত যুৱকজনক দৰং জিলাৰ কলাইগাঁওত ৰিংকু চৌহানজ (২৬) বুলি চিনাক্ত কৰা হয়। স্থানীয় ৰাইজে অত্যধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলতে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
জানিব পৰা মতে একাংশ লোকে যুৱকজনক মৃত অৱস্থাত পৰি থকা দেখি জালুকবাৰী আৰক্ষী চকীত খবৰ দিছিল। খবৰ পোৱাৰ পাছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। অৱশ্যে কি পৰিস্থিতিত যুৱকজন আহি আদিল শ্বাহ গলি পালে তাক জানিব পৰা হোৱা নাই।