নিউজ ডেস্কঃ ধাৰাষাৰ বৰষুণৰ ফলত বঙাইগাঁও চহৰৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে ৷ চহৰখনৰ পৌৰ সভাৰ অন্তৰ্গত প্ৰায় ভাগ ৱাৰ্ডতে কৃত্ৰিম বানে অসুবিধাত পেলাইছে লোকসকলক ৷ ইপিনে টেকঝৰা নদীৰ বাঢ়নী পানীয়ে চহৰখনৰ পালপাৰা বাবুপাৰাত সৃষ্টি কৰিছে বানৰ ৷ বাঢ়নী পানীয়ে অঞ্চলটোৰ বাট-পথ বুৰাই পেলোছে ৷ সেইদৰে অৰ্ধ শতাধিক লোকৰ গৃহত পানী সোমাইছে পানী ৷ যাৰ বাবে অঞ্চলবাসীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ যোৱা নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটো জলমগ্ন হৈ পৰে ৷ জলবন্দী হৈ পৰে লোক ৷ পিচত পুৱাৰ ভাগত অঞ্চলটোৰ জলবন্দী হৈ পৰা পৰিয়াল সমূহক জিলা প্ৰশাসনে এছডিআৰএফ বাহিনীৰ সহযোগত উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনে ৷ আনহাতে স্থানীয় বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে পালপাৰাত উপস্থিত হৈ এছডিআৰএফৰ নৌকাত বহি বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি বানাক্ৰান্তৰ খবৰ লয় ৷ বঙাইগাঁও জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীসকলক লগত লৈ চহৰখনৰ ক’ত ক’ত কি কাৰণত কৃত্ৰিম বানৰ সৃষ্টি হয় সেই অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে চহৰখনৰ ১৩ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত গুৰু নানক নগৰ, জ্যোতি নগৰ, বঙাইগাঁও ষ্টেডিয়াম,আৰক্ষী ৰিজাৰ্ভৰ দক্ষিণ-পশ্চিমাংশ, ১২ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত কদমতলী-শালবাৰী (উত্তৰ আৰু দক্ষিণ), বিবেকানন্দ পল্লী, পাইপ লাইন আদি এলেকা জুন মাহৰ তৃতীয় সপ্তাহৰ পৰা কৃত্রিম বানৰ কৱলত পৰাত অঞ্চলবাসীয়ে জীয়াতু ভোগ কৰি আহিছে। বৰষুণৰ পানীয়ে চহৰখনৰ শালবাগানৰ বিঅচি গেটৰ পৰা চুইটচ চেন্টাৰলৈ যোৱা পথ, আগৰৱালা নাৰ্চিং হোমৰ পৰা বঙাইগাঁও গঢ়কাপ্তানি (পথ ) বিভাগৰ কাৰ্যালয় লৈ যোৱা পথ, উত্তৰ আৰু দক্ষিণ কদমতলী লৈ যোৱা পথ, বঙাইগাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়, উত্তৰ বঙাইগাঁৱৰ পুৰণি জিলা উপায়ুক্তৰ আবাসৰ সন্মুখৰ পৰা আৰম্ভ কৰি পেট্ৰ’ল পাম্পৰ সন্মুখলৈ মূল পথচোৱাও কৃত্ৰিম বানে বুৰাই পেলাইছে ৷ সেইদৰে বৰপাৰা পাহাৰতলী, মায়াপুৰী চ’ক, নতুনপাৰা, দোলাইগাঁও, লেচুতোলা,শকুন্তলা কলনি , বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান , বঙাইগাঁও আই টি আই চৌহদ, নিউ বঙাইগাঁও ৰে’লৱে আবাসিক কলনী আদি এলেকা কৃত্রিম বানৰ কবলত পৰিছে। ৰে’লৱে কলনীৰ আবাসীসকলৰ ঘৰে ঘৰে সোমাইছে পানী ৷ একেদৰে ডাংতলালৈ যোৱা পথৰ একাংশ পানীত বুৰ গৈছে ৷ উল্লেখ্য যে চহৰখনত পানী নিষ্কাষণৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এইদৰে বঙাইগাঁও চহৰখন কৃত্ৰিম বানৰ কৱলত পৰি অহা বুলি সচেতন মহলে মন্তব্য কৰিছে ৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট