নিউজ ডেস্কঃ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত শাসনাধিষ্ঠ দল বিজেপি বিপিএফৰ সৈতে নাথাকে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি আহিলেও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা এখন বৈঠকত মিত্ৰতা ভংগৰ কোনো ইংগিত প্ৰকাশ নহ’ল৷
আগন্তুক ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে দিল্লীত অনুষ্ঠিত এখন বিশেষ বৈঠকত দলটোৰ হাইকমাণ্ডে বিপিএফৰ সৈতে মিত্ৰতা ভংগৰ কোনো ইংগিত দিয়া পৰিলক্ষিত নহ’ল৷
উল্লেখ্য, এই বৈঠকখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিৎ কুমাৰ দাস, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, উত্তৰ পূৰ্বাঞ্চলৰ সাংগাঠনিক সম্পাদক অজয় জামৱাল আৰু অসমৰ সাংগাঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা৷