নিউজ ডেস্কঃ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনা ২০ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া এক প্ৰকল্পৰ আজি শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । এই অনুষ্ঠানৰ পিছতে সাংবাদিকৰ মুখামুখিত ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ সমস্যাসমূহ সমাধান কৰি প্ৰকৃত পৰিৱৰ্তন আনিবলৈ বদ্ধ পৰিকৰ । কৃষ্টি সংস্কৃতিৰ বিকাশ, ৰাস্তা ঘাটৰ উন্নয়ন, ভূমিহীন নাগৰিকক ভূমি পট্টা দিয়ালৈকে সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আনিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । বিপিএফকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ নেতা কৰ্মী বিজেপিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ ব্যক্ত কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে । আনহাতে এইখন বিজেপি চৰকাৰৰ পৰা আটাইতকৈ বেছি লাভান্বিত হৈছে ধৰ্মীয় সংখ্যালঘুসকল । আছুৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে আৱেগিক হৈ ৰাজনৈতিক দল গঠন কৰিলেও সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে আছুৱে ।