নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাপ্ৰাপ্ত তথা তৰুণ সাঁতোৰবিদ কমল কৃষ্ণ দাসে কেৱল ২৭ মিনিটতে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷
ছেণ্ট এন্থনী স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ কমলে গুৱাহাটীৰ খাৰঘূলিৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ পাৰৰ মধ্যম খণ্ড ফেৰী ঘাট স্পৰ্শ কৰিবলৈ সমৰ্থ হয়৷
২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰাপ্ত তৰুণ সাঁতোৰবিদজনে ভৱিষ্যতে সাঁতোৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰাৰ ইচ্ছা আছে বুলি জানিবলৈ দিয়ে৷