অতীজৰে পৰা মাছ মাৰি জীৱন নিৰ্বাহ কৰা বিশ্বনাথঘাটৰ মাছমৰীয়াসকলক ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ বাধা আৰোপ কৰা হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙাৰ ষষ্ঠ সংযোজনত অন্তৰ্ভুক্ত হোৱাৰ পিছৰে পৰা মাছ মৰাত যথেষ্ট অসুবিধা হৈছে মাছমৰীয়াসকলৰ। চৰকাৰৰ অনুমতি সাপেক্ষে পূৰ্বে বনবিভাগে শিথিলতা প্ৰদৰ্শন কৰি নিদিষ্ট সময়ৰ বাবে নিদিষ্ট দুৰত্বলৈকে মাছমৰীয়াসকলক মাছ মৰাৰ সুবিধা প্ৰদান কৰিছিল যদিও জানুৱাৰী মাহত কাজিৰঙাত গঁড় হত্যা সংঘটিত হোৱাৰ পিছৰে পৰা বন বিভাগে সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত মাছ মৰা নিষিদ্ধ কৰিছে।
বিশেষকৈ গঁড় হত্যাৰ লগত জড়িত দুটাকৈ চিকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে পলাতক হৈ থকা তিনিটাকৈ গঁড় চিকাৰীয়ে মাছমৰীয়াৰ বেশ লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ গড় হত্যা কৰাৰ তথ্য ফাদিল হোৱাৰ পিছতে অধিক কঠোৰ হৈ পৰিছে বনবিভাগ। আনহাতে, বনবিভাগৰ এনে কঠোৰ পদক্ষেপে বিপদত পেলাইছে মাছমৰীয়াসকলক।
জীৱিকাৰ এক মাত্ৰ পথ বন্ধ কৰি দিয়াৰ বাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোক। চৰকাৰে তেওঁলোকক বিকল্প সংস্থাপন নিদিয়াৰ বাবে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে মাছমৰীয়াসকল। কেইটামান বিনামুলীয়া চাউল প্ৰদান কৰিলেই মাছমৰীয়াৰ সমস্যা সমাধান নহয় বুলি উল্লেখ কৰা তেওঁলোকে প্ৰতিবাদী কাৰ্যসুচী ৰুপায়ন কৰি অতি শীঘ্ৰে বিকল্প সংস্থাপন দিবলৈ চৰকাৰক অনুৰোধ জনাইছে