নিউজ ডেস্কঃ মৰিগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাক দুৰ্নীতি নিবাৰক শাখাই ধন উৎকোচ লোৱা অৱস্থাত হাতেলোটে ধৰে৷ মৰিগাঁও সদৰ থানাৰ তদন্তকাৰী বিষয়া আছিল পংকজ বৰা৷ দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়া পংকজ বৰাক লগত লৈ তেওঁৰ ঘৰতো অভিযান চলায় ।
জানিব পৰা মতে পংকজ বৰাই এটা গোচৰ বাবে ১০ হেজাৰ টকা দাবী কৰিছিল।এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছিল সেই সন্দৰ্ভত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল।কিন্ত নিৰুদ্দেশ হৈ থকা মহিলা গৰাকীৰ বিচাৰৰ নামত ১০ হেজাৰ টকা দাবী কৰি আহিছিল ।
এই সন্দৰ্ভত ভুক্তভোগী পৰিয়াল টোৱে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাত জনোৱাত সোমবাৰে নগদ ৪ হেজাৰ টকা লওঁতে হাতে লোতে ধৰে।এই আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ আছিল ।