প্ৰথমবাৰৰ বাবে কাঠত খোদিত কৰা হ’ল গুৰুজনাৰ অনুপম সৃষ্টি ‘বৃন্দাবনী বস্ত্ৰ’ ৷
শিৱসাগৰ জিলাৰ নাজিৰাৰ আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰত অমৃত মহন্তৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা হৈছে এই ‘বৃন্দাবনী বস্ত্ৰ’ ৷
কাঠত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত হেঙুলৰ হাইতাল ৰং বুলোৱা হৈছে এই অনুপম সৃষ্টিত ৷
উত্তৰ কমলাবাৰী সত্ৰ আৰু চামগুৰি সত্ৰৰ কেইবাগৰাকীও শিল্পীয়ে ৰং বুলোৱা কামত সহায় কৰিছে অমৃত মহন্তক ৷
এই বৃন্দাবনী বস্ত্ৰভাগৰ দৈঘ্য আৰু প্ৰস্থ ১৩ ফুট ৷
দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল গোস্বামীদেৱে উন্মোচন কৰে এই বস্ত্ৰভাগি ৷
কলাক্ষেত্ৰত সংৰক্ষণৰ বাবে অমৃত মহন্তই বুধবাৰে ৰাজ্য চৰকাৰক অৰ্পণ কৰিব কাঠত খোদিত এই বৃন্দাবনী বস্ত্ৰ ৷