সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ BSFৰ কলকাতাস্থিত পূব কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি ) সোণালী মিশ্ৰই BSFৰ পশ্চিম গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ আওতাত পৰা পশ্চিমবঙ্গৰ কোচবিহাৰত থকা ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ কেবাটাও সীমান্ত চকী আজি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সোণালী মিশ্ৰক আদৰণি BSF ৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদবে । আদৰণি পৰ্বৰ পাছত এ ডি জি সোণালী মিশ্ৰই মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদৱকে ধৰি গুৱাহাটী ফ্ৰন্টিয়াৰৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে সভাগৃহত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটী ফ্ৰন্টিয়াৰৰ আওতাত পৰা ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰা হয়।
বিশেষকৈ সীমান্তৰে কোনো লোক যাতে ভাৰতলৈ অনুপ্ৰৱেশ কৰিব নোৱাৰে তাৰ উপৰিও গৰুকে চোৰাংকৈ পশুধন, নিচাযুক্ত টেবলেট, নিষিদ্ধ সামগ্ৰী, জাল ভাৰতীয় টকা, আদি সৰবৰাহ হব নোৱাৰে তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে এ ডি জি সোণালী মিশ্ৰই ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ কেবাটাও সীমান্ত চকী পৰিদৰ্শন কৰি সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শন কালত কৰ্তব্যৰত বিষয়া – জোৱান সকলৰ সৈতেও সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মত – বিনিময় কৰে সোণালী মিশ্ৰই। ইয়াৰ উপৰিও সৈনিক সন্মিলনত তেঁও ভাগ লয়।