নিউজ ডেস্কঃ বহু প্ৰত্য়াশিত বিটিচি পৰিষদীয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১০ ডিচেম্বৰত সমাপ্ত হয় ৷ প্ৰায় ৭৮ শতাংশ ভোটদানৰ হাৰেৰে বিটিচিৰ ভোটগ্ৰহণ আছিল অতি সন্তোষজনক ৷ কোকৰাঝাৰৰ ১২টা আৰু ছিৰাঙৰ ৭টা, মুঠ ১৯টা ভোটগ্ৰহণ কেন্দ্ৰত হিলদল ভাঙি ভোটাৰ ৰাইজে সাব্যস্ত কৰে নিজৰ নিজৰ ভোটাধিকাৰ ৷
৪০টা পৰিষদীয় সমষ্টিযুক্ত বিটিচিৰ নিৰ্বাচন এইবাৰ প্ৰায় শান্তিপূৰ্ণ আছিল যদিও দুই-এক দলীয় কৰ্মীৰ মাজত সংঘটিত হয় হিংসাত্মক ঘটনা ৷
একেদৰে বিটিচিৰ প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাৰ মুঠ ২১টা সমষ্টিত যোৱা ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ ওদালগুৰিৰ ১০টা আৰু বাক্সাৰ ১১টা সমষ্টিত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত ৭৭.০১ শতাংশ ভোটাৰে ভোটদান কৰে ৷ সেয়া আছিল বিটিচিৰ নিৰ্বাচনত এক অভূতপূৰ্ব ঘটনা ৷
উল্লেখ্য যে ১২ ডিচেম্বৰত বিটিচিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷