নিউজ ডেস্কঃ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়-
- নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে বিটিচি-ত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবে মন্ত্ৰী পৰিষদে পৰামৰ্শ আগবঢ়ায় আৰু অঞ্চলটোত ১৫ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচনৰ পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনায়
- গো-ধনক খাদ্য যোগানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজিৰ সমস্যা দূৰ কৰিবলৈ গো-শালাবোৰক পুঁজি যোগানৰ সিদ্ধান্ত
- গৰুৰ চোৰাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ যাওঁতে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ কনিষ্টবল ৰবেন দাসৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত
- মাজুলী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰেহাই দিয়াৰ লগতে নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰিবলগীয়া বালি, লোহা, আলকাতৰা আদিৰ ক্ষেত্ৰত ৰ’য়েল্টী, স্থানীয় কৰ ৰেহাই দিয়া হ’ব
- মাজুলী দলঙৰ সংযোগী পথৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ খৰচ অসম চৰকাৰে বহন কৰিব