তীব্ৰ চাঞ্চল্য সৃষ্টিকাৰী সেৰফাংগুৰী গুলীচালনাৰ ঘটনাই নতুন মোৰ লৈছে। সেৰফাংগুৰী ঘটনাত নিষিদ্ধ ঘোষিত সংগঠন KLO’ৰ নাম সাঙোৰ খাই পৰিছে। ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ ঘটনাৰ সবিশেষ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰু কোকৰাঝাৰ আৰক্ষীয়ে বাতৰি লিখা পৰলৈকে KLO’ক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সহায় কৰাৰ অভিযোগত এগৰাকী মডেলকে ধৰি ছয়জনক আটক কৰিছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীৰ কাষৰ পৰা উত্তম ৰায় আৰু মৃদুল ৰায়ক আটক কৰাৰ পিছত আজি ৰাতিপুৱা আৰক্ষীয়ে গৌৰ চন্দ্ৰ ৰায়(নাৰাবাৰী,৩৮) , নিৰ্মল দাস (চৰাইখোলা ,৩২), কোকৰাঝাৰ সদৰ চহৰৰ জনাজাত মডেল নৱনীতা বৰ্মন বোথ্ৰা আৰু তেওঁৰ স্বামী বিকাশ বোথ্ৰাক আটক কৰিছে। উল্লেখ্য যে, গৌৰ চন্দ্ৰৰ ভাতৃ নীতু ৰায় এগৰাকী KLO’ৰ সদস্য আৰু ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ নীতু ৰায় জড়িত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে।
আনহাতে গৌৰ চন্দ্ৰ ৰায়ে ঘটনাৰ দিনাখন পৰিৱেশ,পৰিস্থিতি আৰু স্থান সন্দৰ্ভত নীতু ৰায়ক অৱগত কৰি আছিল। আনহাতে সমগ্ৰ ঘটনাটো কেএলঅ’ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ নিৰ্দেশনাত সংঘটিত হৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। ম্যানমাৰৰ পৰাই KLO’’ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ সতে সঘনে যোগাযোগ ৰাখিছিল চৰাইখোলা নিৱাসী তথা প্ৰাক্তন KLO’ নিৰ্মল দাসে।
আৰক্ষীৰ তথ্য মতে, KLO’ই নতুন সদস্যভৰ্তি তীব্ৰ গতিত আৰম্ভ কৰিছে আৰু নিৰ্মল দাসে নতুনকৈ ভৰ্তি হোৱা সকলক সীমান্তলৈকে আগবঢ়াই নিয়ে। আৰক্ষীয়ে ছয়জনক গ্ৰেপ্তাৰ কৰাৰ লগতে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং২৩/২০২২)ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/১২১এ/১২২/৩২৩/৩০৭/৩৮৪/৩৮৭ আৰু আৰডব্লিউ ২৭/(১এ)/ ২৭(১বি)ৰ লগতে ইউএপিএক্টৰ অধীনত গোচৰ ৰজু কৰিছে।